Poems by Professor Dr. Masudul Hoq
—————-বাংলাদেশৰ কবিতা ——————
মূল: মাছুদুলৰ হক
অনুবাদ : গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
সুৰ সভা
চলপ- চলপ ব’ঠাৰ শব্দ
নাৱৰ পৰা উঠি আহে জোনটি
ফৰাচী ব্ৰাণ্ডি, ইটালীৰ গ্লাচ
বেহেলাত ইমনৰ সুৰ
স্নানত তৰল ৰূপৰ জ্যোৎস্না
ৰবিয়ে গাইছে গান
” তোমাকেই কৰিছোঁ জীৱনৰ ধ্ৰুৱ তৰা”
নদীত পৰি থাকে মানুহৰ ছাঁবোৰ
অপাৰ্থিৱ দেহত কঁপনি উঠে
(দুই)
সৌমিত্ৰ
নিশ্চিন্দিপুৰৰ অপু নহয় তুমি ; কলকতাৰ বেকাৰ
ভাৰাঘৰ আৰু এটি চুটি ভৰিৰ সম্পৰ্ক বুজি উঠি
অপৰ্ণাৰ সতে চেলুলয়ডত পাতিছিলা সংসাৰ
অনেক ছবি অতিক্ৰম কৰি তোমাক দেখিছোঁ
“শেষ বেলাত!”
চলচিত্ৰৰ দৰেই তুমি নিৰ্মাণ কৰা কবিতা
শব্দৰ কথা আৰু দৃশ্যই প্ৰতিবাৰেই তোমাৰ কন্ঠত
সৃষ্টি কৰিছে এক আশ্চৰ্যকৰ সংগঠিত চিত্ৰৰ
সৌমিত্ৰ, পৃথিৱী এৰি গ’লেও মিত্ৰ তুমি মোৰ
মইতো তোমাক দেখোঁ ‘অপুৰ সংসাৰ’ত
(তিনি)
কাদম্বৰী
দুপৰীয়া ৰঙী শাৰীৰ পৰা
পিঠিৰ ওপৰত বৈ পৰিছে দীঘল চুলিটাৰি
এটাও নাই ছাঁয়া
নিৰাভৰণ বাহুত তেওঁৰ ৰ’দ, খেলি থকা ৰ’দ চেৰেঙা দুহাতৰ ভৰত তুলিবলৈ গৈ
ৰবীন্দ্ৰ নাথে চকুৰ আলোকত দেখে তেওঁকেই
——– ——– ———
কবি পৰিচয়– সন্মানীয় মাছুদুলৰ হক বাংলা সাহিত্যৰ এজন প্ৰখ্যাত কবি,গল্পকাৰ, অনুবাদক ও গৱেষক ।Shadow of Illusion, Blind man’s dream, T Dhonimoy palok ইত্যাদি গ্ৰন্থৰ ৰচক হক মহোদয়ে T.S Eliot, Allen Ginsburgকবিতা ইংৰাজী ভাষাৰ পৰা বাংলালৈ অনুবাদ কাৰ্যও সম্পন্ন কৰিছে।বৰ্তমান বাংলাদেশৰ চৰকাৰী কলেজত দৰ্শন অধ্যাপক ৰূপে কৰ্মৰত হক মহোদয়ৰ দুখন কিতাপ বাংলা অকাডেমীয়ে প্ৰকাশ কৰিছে। স্মতৰ্ৱ যে বাংলা অকাডেমীত পূৰ্বতে গৱেষক ৰূপে সেৱাৰত হক মহোদয়ৰ কবিতা চীনা, ৰোমানীয়ান, নেপালী, তুৰ্কী, স্পেনিচ আদি বিভিন্ন ভাষালৈ অনূদিত হৈছে ।
—————————–মূল কবিতা ————————
সুরসভা
মাসুদুল হক
ঝপ ঝপ দাঁড়ের শব্দ
নৌকো থেকে উঠে আসে চাঁদ
ফরাসি ব্রান্ডি,ইতালির গ্লাস
বেহালায় ইমনের সুর
তরল রুপোর জ্যোৎস্না স্নানে
রবি গাইছে গান
“তোমারেই করিয়াছি জীবনের ধ্রুব তারা..”
নদীতে পড়ে থাকা মানুষের ছায়াগুলো
অপার্থিব দেহ নিয়ে নড়েচড়ে ওঠে
সৌমিত্র
মাসুদুল হক
নিশ্চিন্দিপুরের অপু নও তুমি;কলকাতার বেকার
ভাড়া বাড়ি আর চটি পায়ের সম্পর্ক জেনে
অপর্ণার সঙ্গে সেলুলয়েডে পেতেছিলে সংসার
অনেক ছবি পার করে আমি তোমাকে দেখেছি
“বেলাশেষে”!
চলচ্চিত্রের মতোই তুমি কবিতা নির্মাণ করতে;
শব্দের কথা আর দৃশ্য প্রতিবার তোমার কণ্ঠে
এক আশ্চর্য মন্তাজ তৈরি করেছে
সৌমিত্র, মিত্র আমার তুমি পৃথিবী পেরিয়ে গেলেও
আমি তো তোমাকে দেখি “অপুর সংসার”-এ
কাদম্বরী
মাসুদুল হক
দুপুর রঙের শাড়ি পরা
পিঠের ওপর ছেয়ে আছে দীর্ঘ কেশ
একটুও নেই ছায়া
নিরাভরণ বাহুতে তার রোদ;খেলতে থাকা রোদগুলোকে দু’হাত ভরে তুলতে গিয়ে
রবীন্দ্রনাথ চোখের আলোয় তাকে দেখেন
Translate into Assamese by Gayatri Devi Borthakur